বেতসলতা (বিশেষ্য)
এবিধ ্ কাঁইটীয়া লেহুকা গছ যাৰ গা-গছৰ পৰা পাচি, খৰাহি, মূঢ়া, চকী, টেবুল, লাখুটি, ৰচী আদি তৈয়াৰ কৰা হয়
থলুৱা (বিশেষণ)
যʼত পোৱা যায় সেই ঠাইত জন্ম হোৱা বা উৎপন্ন হোৱা
হীন বংশ (বিশেষ্য)
বেয়া বা সৰু বংশ
ব্যৱহাৰকাৰী (বিশেষণ)
বস্তু, সেৱা আদিৰ উপভোগ কৰোঁতা বা সেইবোৰক কামত লগোৱা
কুণ্ঠিত (বিশেষণ)
বিফলতাক লৈ নিৰাশ হোৱা
আশাতীত (বিশেষণ)
যি প্রত্যাশাৰ পৰা দূৰত
ভোদা (বিশেষ্য)
যাৰ বুদ্ধি নাই বা কম
চুমা-চুমি (বিশেষ্য)
প্রেমিক-প্রেমিকাই ভাৱাবেশত পৰস্পৰক চুমা খোৱা তথা আলিংগন কৰা কার্য
অকুলীন (বিশেষণ)
যি সৰু, নীচ বা তুচ্চ বংশৰ
বিক্রী (বিশেষ্য)
মূল্যৰ বিনিময়ত কোনো সামগ্রী দিয়া কার্য